Adv Lakhyajit Deuri

Adv Lakhyajit Deuri Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Adv Lakhyajit Deuri, Lawyer & Law Firm, Noth Lakhimpir Bar Association, North Lakhimpur.

29/12/2018
28/07/2018

Very Important :-
'A Hindu son can divorce his wife if she tries to separate him from his elderly parents'
Ordered by SC of India

02/06/2018

হঠাৎ আপুনি গ্ৰেপ্তাৰ হলে কি কৰিব ? কিছু আইন সংক্ৰান্ত পৰামৰ্শ , জানি থোৱা ভাল - - -

1. বিনা ৱাৰেন্ট অথবা 41crpc নোটিচ নিদি পুলিচ আপোনাক গ্ৰেপ্তাৰ কৰিব নোৱাৰে।

2. গ্ৰেপ্তাৰৰ সময়ত আপোনাক গ্ৰেপ্তাৰৰ কাৰণ, গ্ৰেপ্তাৰকাৰী অফিচাৰৰ নাম, গ্ৰেপ্তাৰৰ সময় তথা স্থান সম্পর্কিত এটা মেমো পুলিচ আপোনাক আথবা আপোনাৰ পৰিয়ালৰ সদস্যক দিবলৈ বাধ্য। এই বস্তুটো বিচাৰিব। কেচৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব অপৰিসীম ।

‌3. গ্ৰেপ্তাৰ কৰাৰ 24 ঘন্টাৰ ভিতৰত পুলিচ আপোনাক মেজিষ্ট্রেটৰ ওচৰত হাজিৰ কৰাবলৈ বাধ্য আৰু মেজিষ্ট্রেটৰ অনুমতি অবিহনে অতিৰিক্ত এদিনো আপোনাক আটক ৰাখিব নোৱাৰে । কোর্ট বন্ধ থাকিলে সেই ক্ষেত্ৰত মেজিষ্ট্ৰেটৰ ঘৰত আপোনাক হাজিৰ কৰাব লাগিব।

4. মহিলা পুলিচ অবিহনে কোনোপধ্যেই কোনো মহিলাক গ্ৰেপ্তাৰ বা তালাচী চলাব নোৱাৰে ।

5. আইন অনুযায়ী পুলিচ লক আপত আপোনাক কোনোধৰণৰ শাৰীৰিক অথবা মানসিক অত্যাচাৰ কৰিব নোৱাৰে । উল্লেখ যে, চৰ মাৰিবও নোৱাৰে ।

এতিয়া জানিলওক কেনেকৈ পুলিচ আপোনাক অসুবিধা দিব পাৰে আৰু এইক্ষেত্ৰত কৰিবলগীয়া -

1. সাধাৰণ ভাবে চৰকাৰবিৰোধী, শাসক দল বিৰোধী কোনো পোষ্টৰ বাবে পুলিচ কাৰোবাক গ্ৰেপ্তাৰ কৰিব নোৱাৰে । কাৰণ বাক স্বাধীনতাৰ অধিকাৰ আমাৰ সংবিধানত স্বীকৃত। কিন্তু পুলিচ মামলা ৰুজু কৰে বেলেগ ধাৰাত। আপুনি পুলিচৰ আইনী চিকাৰ হব পাৰে যদি আপুনি আপোনাৰ ফেচবুক পোষ্টত-

ক) অশ্লীল কোনো শব্দ ব্যবহাৰ কৰে।
খ) ভিত্তিহীন গুৰুতৰ অভিযোগ কৰে।
গ) চৰিত্রহনন কৰে।
এই সমগ্ৰ বিষয়সমূহ সেয়ে এৰাই চলিব । স্বেচ্ছাই পুলিচৰ হাতত অস্ত্র তুলি নিদিব।

2. স্থানীয় ৰেপুটেড কোনো ক্ৰিমিনেল অধিবক্তা , স্থানীয় মানবাধিকাৰ আন্দোলনকর্মী তথা মিডিয়াৰ ফোন নম্বৰ লগত ৰাখিব ।

CPDR ৰ কেন্দ্রীয় অফিচ -
Committee for the Protection of Democratic Rights
Contact Address: Adv Suresh Rajeshwar,
4th Floor, Poddar Chambers,
S. A. Brelvi Marg, Fort,
Mumbai – 400 001
Fax: +9193224045911
Email:[email protected]

আৰু

NHRC / National Human Rights Commission-ৰ পূর্বভাৰতীয় শাখাৰ Special Rapporteur:
Shri Damodar Sarangi, IPS (Retd)
(M) 9777579400, 9040079404
[email protected]
[email protected]

Or

Head Office:
National Human Rights Commission, Manav Adhikar Bhawan Block-C, GPO Complex, INA, New Delhi – 110023
For Complaints : Tel.No. 24651330, 24663333. Fax No. 24651332

3. কোনো নিৰ্দোষ ব্যক্তি পুলিচৰ জেৰাৰ সম্মুখীন হলে তেওঁৰ সহায় কৰক ।

মনত ৰাখিব , আপুনি যদি বেলেগৰ কাষত থিয় নিদিয়ে তেন্তে আপোনাৰ বিপদত কোনেও আপোনাক সহায় নকৰে।

12/06/2017

Law is for Human Being but Human Being is not for law. আইন কানুন মানুহৰ বাবে মানুহ আইনৰ বাবে নহয় । কিছুমান আইনৰ ধাৰাত অভিযুক্ত হোৱা যেনে - ধৰ্ষণ বা বলাৎকাৰ 376 IPC. এইধৰণৰ ধাৰাত সঠিকভাৱে অভিযুক্ত হোৱা বা ঘটনাস্থলীত পোৱা ধৰ্ষণকাৰী সকলক ৰাইজক বিছাৰ কৰিব দিব লাগে, না কোনো আদালতত । এইটো মই নিজে অধিবক্তা হিচাপেও আদালতত চলা নিবিচাৰোঁ ।

31/05/2017

চিগাৰেটৰ সাক্ষাতকাৰ :
প্ৰশ্ন ☞ নাম কি?
উত্তৰ : চিগাৰেট ।
প্ৰশ্ন ☞ জন্মগ্ৰহণ কত?
উত্তৰ : কিউবাৰৰ ৰাজধানী হাভানামত।
প্ৰশ্ন ☞ জন্ম কেতিয়া হৈছিল ?
উত্তৰ : 1883 খ্ৰীষ্টাব্দত
প্ৰশ্ন ☞ তোমাৰ শৰীৰত উল্লেখযোগ্য কি
আছে ?
উত্তৰ : মৃত্যু বীজ
প্ৰশ্ন ☞ তোমাৰ কৰ্ম ঠাই কত?
উত্তৰ : মানুহৰ দেহত
প্ৰশ্ন ☞তোমাৰ মুল দায়িত্ব কি কি?
উত্তৰ : এক শ্ৰেণীৰ মানুহক সাময়িক তৃপ্তি
দিয়াৰ মানসেৰে পৰিবেশ প্ৰদূষণ কৰা আৰু
মানুহৰ দেহত মাৰাত্মক ৰোগ সৃষ্টি কৰা ।
প্ৰশ্ন ☞ তোমাৰ মুল লক্ষ্য কি?
উত্তৰ : যুৱ সমাজক ধ্বংস কৰা
প্ৰশ্ন ☞ কোৱাচোন তোমাৰ প্ৰিয় ব্যক্তি
কোন ?
উত্তৰ : যিজনে ধুমপান কৰে
প্ৰশ্ন ☞ তোমাৰ প্ৰিয় বস্তু কি?
উত্তৰ : লাইটাৰ আৰু দিয়াচলাই।
প্ৰশ্ন ☞ তুমি কেতিয়া মজা লোৱা ?
উত্তৰ : যেতিয়া পায়খানাত বহি মোক সেৱন
কৰে তেতিয়া ।
প্ৰশ্ন ☞ কিয়?
উত্তৰ : সেই সময়ছোৱাত মই ক্ষতি কৰিবলৈ
বেছি সুযোগ পাও।
প্ৰশ্ন ☞ কেতিয়া তুমি সুখ অনুভৱ কৰা?
উত্তৰ : যেতিয়া মোৰ গাত সতৰ্কৰ ছবি
দেখিও মোক সেৱন কৰে তেতিয়া ।
প্ৰশ্ন ☞ তোমাৰ ভৱিষ্যত পৰিকল্পনা কি কি?
উত্তৰ : মানুহক মদ, ভাং , গাজা, হিৰোইন
আদিৰ প্ৰতি আসক্তি বঢ়াই তুলা ।
প্ৰশ্ন ☞ তুমি নিজকে কি বুলি ভাবে ?
উত্তৰ : মৃত্যুৰ অন্যতম কাৰণ আৰু যমদূতৰ
সহকাৰি বুলি ।
প্ৰশ্ন ☞ আপোনাক সেৱনকাৰী সকলক কিবা
কব বিচাৰে নেকি?
উত্তৰ : হয় ..... যিসকলে মোক খুব ঘনে ঘনে
সঘনাই সেৱন কৰে সেইসকলক মই খুব
সোনকালে শ্মশান , কবৰৰ টিকট দিব পাৰো
আৰু এই সুন্দৰ পৃথিৱীৰ পৰা চিৰ বিদায় দিব
পাৰো ।

Address

Noth Lakhimpir Bar Association
North Lakhimpur
787001

Website

Alerts

Be the first to know and let us send you an email when Adv Lakhyajit Deuri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share