All Tiwa Students' Union Morigaon District

All Tiwa Students' Union Morigaon District Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from All Tiwa Students' Union Morigaon District, Legal Service, Ganesh Chandra Senapati bhawan, Morigaon.

সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ তৰফৰ পৰা তিৱা ফা ইন্দ্ৰসিং দেউৰী ৰ ৩২ সংখ্যক মৃত্যু বাৰ্ষিকী ত শ্ৰদ্ধাঞ্জলি জ্ঞ...
20/08/2026

সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ তৰফৰ পৰা তিৱা ফা ইন্দ্ৰসিং দেউৰী ৰ ৩২ সংখ্যক মৃত্যু বাৰ্ষিকী ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

সদৌ তিৱা ছাত্ৰ সন্থা          মৰিগাওঁ জিলা সমিতিৰ নেতৃত্বত         মানিপুৰ আঞ্চলিক সমিতি গঠন ---------------------------...
19/08/2026

সদৌ তিৱা ছাত্ৰ সন্থা
মৰিগাওঁ জিলা সমিতিৰ নেতৃত্বত
মানিপুৰ আঞ্চলিক সমিতি গঠন
------------------------------------------ ------- দিনাংক- ১৯-০৮-২০২৬
_____________________

আজি ১৯ আগষ্ট ২০২৬ বুধবাৰে দিনৰ ০৩:০০ বজাত তিৱা কৃষ্টি সংঘ মানিপুৰৰ প্ৰাংগনত তিৱা জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত জাতীয় সংগঠনৰ সংগ্ৰামত নিজকে নিয়োজিত কৰিবলৈ স্ব- ইচ্ছাৰে আগবাঢ়ি অহা মানিপুৰ অঞ্চলৰ সংগ্ৰামী যুৱক-যুৱতীসকলক লৈ সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপদেষ্টা মুংছা দীপক আমচঙ ডাঙৰীয়া ,কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মুংছা পঞ্চম ডেকাৰজা ডাঙৰীয়া ,মৰিগাওঁ জিলাৰ সাধাৰণ সম্পাদক মুংছা জ্যোতি কমল আমচি ডাঙৰীয়া ,মৰিগাওঁ জিলাৰ সহকাৰী সাধাৰণ সম্পাদক মুংছা সৌৰভ দেওৰজা ডাঙৰীয়া ,তিতাতলা-মাহডলা শাখা সমিতিৰ উপদেষ্টা ডাঙৰীয়াৰ উপস্থিতিত এখনি শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হয়।
পুনঃগঠিত সদৌ তিৱা ছাত্ৰ সন্থা মাণিপুৰ আঞ্চলিক সমিতিৰ সমিতিৰ নৱ - নিৰ্বাচিত সভাপতি মুংছা ৰূপজ্যোতি পাটৰ আৰু সাধাৰণ সম্পাদক হিচাপে মুংছা সমৰ সিং বৰদলৈ ডাঙৰীয়াক দায়িত্ব প্ৰদানেৰে ১১জনীয়া এখনি শক্তিশালী সমিতি গঠন কৰা হয়।
আমি সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা মানিপুৰ আঞ্চলিক সমিতিৰ বাকী অনান্য সন্মানীয় বিষয়-ববীয়া সকলক উষ্ম আদৰণি জনাইছোঁ।
ছেৱা--------
(MDC)
MORIGAON DISTRICT LONG LIVE
LONG LIVE

সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ বিষয়ববীয়াসকলে আজি জনজাতি জিৰণি চ'ৰা ,নগাওঁ ত উপস্থিত হওঁ। যোৱা ১৫ আগষ্ট ,২০২৬ ত...
18/08/2026

সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ বিষয়ববীয়াসকলে আজি জনজাতি জিৰণি চ'ৰা ,নগাওঁ ত উপস্থিত হওঁ। যোৱা ১৫ আগষ্ট ,২০২৬ তাৰিখে জনজাতীয় ভাই-ভনী সকলৰ ওপৰত যি আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল সেই সম্পৰ্কে অধিক জানিবলৈ কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হওঁ।

সদৌ তিৱা ছাত্ৰ সন্থা          মৰিগাওঁ জিলা সমিতিৰ নেতৃত্বত         তিতাতলা-মাহডলা শাখা সমিতি গঠন -----------------------...
16/08/2026

সদৌ তিৱা ছাত্ৰ সন্থা
মৰিগাওঁ জিলা সমিতিৰ নেতৃত্বত
তিতাতলা-মাহডলা শাখা সমিতি গঠন
------------------------------------------ ------- দিনাংক- ১৬-০৮-২০২৬
_____________________

আজি ১৬ আগষ্ট ২০২৬ ৰবিবাৰে দিনৰ ০৩:০০ বজাত তিতাতলা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত তিৱা জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত জাতীয় সংগঠনৰ সংগ্ৰামত নিজকে নিয়োজিত কৰিবলৈ স্ব- ইচ্ছাৰে আগবাঢ়ি অহা তিতাতলা আৰু মাহডলা অঞ্চলৰ সংগ্ৰামী যুৱক-যুৱতীসকলক লৈ সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপদেষ্টা মুংছা দীপক আমচঙ ডাঙৰীয়া ,কেন্দ্ৰীয় সমিতিৰ সহঃ সম্পাদক ডাঙৰীয়া আৰু কাৰ্যকৰী সদস্যকে ধৰি মৰিগাওঁ জিলাৰ সাধাৰণ সম্পাদক মুংছা জ্যোতি কমল আমচি ডাঙৰীয়া ,মৰিগাওঁ জিলাৰ সহকাৰী সাধাৰণ সম্পাদক মুংছা সৌৰভ দেওৰজা ডাঙৰীয়া ,ধলথাপাৰ আঞ্চলিক সমিতিৰ সম্পাদক ডাঙৰীয়াৰ উপস্থিতিত এখনি শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হয়।
পুনঃগঠিত সদৌ তিৱা ছাত্ৰ সন্থা তিতাতলা-মাহডলা শাখা সমিতিৰ নৱ - নিৰ্বাচিত সভাপতি মুংছা নয়নজ্যোতি ফাংচু আৰু সাধাৰণ সম্পাদক হিচাপে মুংছা কুন্তলজ্যোতি আমফি ডাঙৰীয়াক দায়িত্ব প্ৰদানেৰে ২১জনীয়া এখনি শক্তিশালী সমিতি গঠন কৰা হয়।
আমি সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা তিতাতলা-মাহডলা শাখা সমিতিৰ বাকী অনান্য সন্মানীয় বিষয়-ববীয়া সকলক উষ্ম আদৰণি জনাইছোঁ।
ছেৱা--------
(MDC)
MORIGAON DISTRICT LONG LIVE
LONG LIVE

সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ তৰফৰ পৰা সমগ্ৰ দেশবাসীক ৮০সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।
15/08/2026

সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ তৰফৰ পৰা সমগ্ৰ দেশবাসীক ৮০সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।

TROI TIWA SIGAISA CHOMOT                  সদৌ তিৱা ছাত্ৰ সন্থা                   মৰিগাওঁ জিলা সমিতি*********************...
12/08/2026

TROI TIWA SIGAISA CHOMOT
সদৌ তিৱা ছাত্ৰ সন্থা
মৰিগাওঁ জিলা সমিতি
*********************************************
সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক মুংছা জ্যোতি কমল আমচি ডাঙৰীয়া ,সহকাৰী সাধাৰণ সম্পাদক মুংছা সৌৰভ দেউৰজা ডাঙৰীয়াৰ সহিতে অন্যান্য বিষয়ববীয়াসকলে মৰিগাওঁ জিলাৰ সেৱা আগবঢ়াবলৈ অহা নৱনিযুক্ত জিলা আয়ুক্ত সন্মানীয় শ্ৰীমতী সৃষ্টি সিংহা (ভাঃপ্ৰঃসেঃ) ডাঙৰীয়ানীক সন্থাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰাৰ লগতে স্ব-জাতিৰ মৌলিক সমস্যা সমূহৰ বিষয়ে অৱগত কৰা হয়।

🕒দিনৰ ২:০০ বজাত।
🗓️১২-০৮-২০২৬। ছেৱা--------

খ্ৰুমদং। আপোনালোকক দুখেৰে জনাওঁ যে ,সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক মুংছা শিৰোমণি ফৰঙাই ...
12/08/2026

খ্ৰুমদং। আপোনালোকক দুখেৰে জনাওঁ যে ,সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক মুংছা শিৰোমণি ফৰঙাই ডাঙৰীয়া যোৱা কালিৰ পৰা শাৰিৰীক অসুস্থতাত ভুগি মৰিগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে।আৰ্থিক অসুবিধাৰ হেতুকে উন্নত চিকিৎসা প্ৰদান কৰাত বহু সমস্যাৰ সৃষ্টি হৈছে।গতিকে,এই বাৰ্তাৰ যোগেদি তেওঁক অলপ আৰ্থিক ভাৱে সহযোগিতা কৰি দিবলৈ আপোনাসৱক অনুৰোধ জনালোঁ।

বিঃদ্ৰঃ-আৰ্থিক সহায়ৰ বাবে তলত তেওঁৰ QR Code সংযোগ কৰি ৰখা হৈছে।

খ্ৰুমদং।আজি সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ সমূহ বিষয়ববীয়াসকলে ঘনকান্ত বৰুৱা মহাবিদ্যালয় আৰু মৰিগাওঁ মহাবিদ্যাল...
10/08/2026

খ্ৰুমদং।আজি সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ সমূহ বিষয়ববীয়াসকলে ঘনকান্ত বৰুৱা মহাবিদ্যালয় আৰু মৰিগাওঁ মহাবিদ্যালয়(স্বতন্ত্ৰ)ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হওঁ।

আলোচনাৰ মূল বিষয়সমূহ হৈছে-----
✅ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যা আৰু সমাধান।✅মহাবিদ্যালয়ৰ পৰিৱেশ আৰু সজাগতা।
✅ভৱিষ্যৎ কৰ্মসূচী আৰু সহযোগিতা।

📍জনজাতি জিৰণি চ'ৰা।
🕒দিনৰ ১২:০০বজাত
🗓️১০-০৮-২০২৬।

খ্ৰুমদং। ট্ৰাইবেল য়ুথ লীগ মৰিগাওঁ জিলা সমিতি আৰু ধলথাপাৰা ৰাইজৰ উদ্যোগত তিৱা ভাষা শিকন কৰ্মশালা আৰু তিৱা নৃত্য কৰ্মশালাৰ...
08/08/2026

খ্ৰুমদং। ট্ৰাইবেল য়ুথ লীগ মৰিগাওঁ জিলা সমিতি আৰু ধলথাপাৰা ৰাইজৰ উদ্যোগত তিৱা ভাষা শিকন কৰ্মশালা আৰু তিৱা নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানত নিমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিবলৈ পাই অত্যন্ত আনন্দিত আৰু ধন্য বোধ কৰিছোঁ।

এই সুন্দৰ অনুষ্ঠানটোত অংশ ল’বলৈ পাই আমাৰ মন প্ৰাণ জোৰ পৰিল। ছাত্ৰ-ছাত্ৰী আৰু শিল্পীসকলৰ প্ৰতিভা দেখি মুগ্ধ হ’লো। তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শনে সকলোৰে মন জয় কৰিলে। উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ সাধাৰণ সম্পাদক মুংছা জ্যোতি কমল আমচি ডাঙৰীয়া , সহকাৰী সাধাৰণ সম্পাদক মুংছা সৌৰভ দেওৰজা ডাঙৰীয়া ,মুখ্য সাংগঠনিক সম্পাদক মুংছা শিৰোমণি আগাৰি ডাঙৰীয়া আৰু আঞ্চলিকৰ সন্মানীয় বিষয়ববীয়াসকল।

আমাৰ কৃষ্টি-সংস্কৃতিক জীয়াই ৰাখিবলৈ আয়োজকসকলে যি কষ্ট কৰিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়।সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিক সাদৰেৰে আমন্ত্ৰণ জনোৱাৰ বাবে আৰু ইমান মৰম দিয়াৰ বাবে আয়োজক কমিটিৰ সম্পাদক পঞ্চম ডেকাৰজাৰ প্ৰতি আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সকলোৰে উত্তৰোত্তৰ কামনা কৰিলোঁ।

📍ধলথাপাৰা ৰংগমঞ্চ প্ৰাংগন।
🗓️০৮ আগষ্ট , ২০২৬।
🕒 বিয়লি ৩:০০বজাত।
ছেৱা------------

✅স্পষ্ট লক্ষ্য ,দ্ৰুত পদক্ষেপ।
08/08/2026

✅স্পষ্ট লক্ষ্য ,দ্ৰুত পদক্ষেপ।

Address

Ganesh Chandra Senapati Bhawan
Morigaon
782105

Website

Alerts

Be the first to know and let us send you an email when All Tiwa Students' Union Morigaon District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category