21/08/2026
বানাক্ৰান্ত ৰাইজৰ কাষত বিভিন্ন ঠাইৰ ৰাইজে আহি কিছু হলেওঁ সকাহ দিলে ই অতি শুভ বিষয় আৰু বৰ্তমান পূৰ্ণ সংস্থাপন অতি জৰুৰী। ইয়াৰ লগে লগেই কিন্তু কিয় ইমান ভয়ংকৰ বান পৰিস্থিতি হল তাৰ কাৰণ কি আৰু ইয়াৰ সমাধান কি, এই অতি গুৰুত্ব পূৰ্ণ বিষয়টো তল পৰি আছে। পাহাৰৰ শিল কটা, কয়লা খনন আদি কাৰণবোৰ তথা হঠাৎ পানী অহাৰ কাৰণ বিশ্লেষণ কৰি সমস্যা সমাধানৰ কৰিব নোৱাৰিলে আগলৈও এই সমস্যা থাকি যাব । আমাক সমস্যাৰ স্থায়ী সমাধান লাগে।