Mustafa Khaddam Hussain

Mustafa Khaddam Hussain Advocate, Gauhati High Court

18/05/2026

#প্ৰসংগ_Uniform_Civil_Code_UCC " #উমৈহতীয়া_নাগৰিক_সংহিতা"।

বিভিন্ন ধৰ্ম ও জাতিৰ লোকৰ বাবে বিবাহ (Marriage), বিবাহ-বিচ্ছেদ (Divorce), উত্তৰাধিকাৰ (Succession & Inheritance), দত্তক (Adoption) আৰু অভিভাৱকত্ব (Guardianship) আদি ব্যক্তিগত আইন (Personal Law) ৰ বিষয়বোৰ সামৰি "উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) প্ৰনয়নৰ বাবে একাংশ লোকে পোষকতা কৰি আহিছে। আনহাতে, ধৰ্মীয় স্বাধীনতা ও সাংস্কৃতিক বৈচিত্ৰ্যত আঘাত কৰিব বাবে একাংশ লোকে "উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) প্ৰনয়নৰ বিৰুধিতা কৰি আহিছে।

ভাৰতীয় সংবিধানৰ List-III (Concurrent List) অনুসৰি কেন্দ্ৰীয় চৰকাৰ অথবা ৰাজ্য চৰকাৰে ব্যক্তিগত আইন (Personal Law) সম্পৰ্কীয় আইন প্ৰনয়ন কৰিব পাৰে। Concurrent List ৰ বিষয়ৰ ওপৰত ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মতি (Assent) ৰ প্ৰয়োজন হয়।

=> ব্ৰিটিছ আমল (British Period):

ৱাৰেন হেস্টিঙে ব্যক্তিগত আইন নীতি (Personal Law Policy) প্ৰৱৰ্তন কৰাৰ সময়ত ব্ৰিটিছসকলে প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত ব্যক্তিগত আইন (Personal Law) ত হস্তক্ষেপ কৰিব বিচাৰিছিল, যি আইন সেই সময়ত মোগল প্ৰশাসকসকলৰ দ্বাৰা পৰিচালিত হৈছিল। যদিও এই নীতিয়ে হিন্দু আৰু মুছলমানৰ বাবে ভাৰতৰ ব্যক্তিগত আইন (Personal Law) ক স্বীকৃতি দিছিল, ১৮৩৩ চনৰ ১০ জুলাইত ব্ৰিটিছ সাংসদৰ এক বৃহৎ অংশই হাউচ অৱ কমন্সত ইয়াৰ বিৰোধিতা কৰিছিল। অৱশ্যে, স্বাধীনতা সংগ্ৰামী আৰু একাংশ বুদ্ধিজীৱীয়ে স্থানীয় আইন (Local Law) ৰ সপক্ষে চেষ্টা কৰিছিল আৰু ব্যক্তিগত আইন (Personal Law) ত সাধাৰণ আইন (Common Law) সম্পূৰ্ণৰূপে জাপি দিয়াটো প্ৰতিহত কৰিছিল।

ভাৰতৰ ব্ৰিটিছ চৰকাৰে বিশেষকৈ অপৰাধ, সাক্ষ্য আৰু চুক্তি সম্পৰ্কীয় আইনসমূহ সংহিতাৱদ্ধ (Codification) কৰাৰ জৰিয়তে আইনী ব্যৱস্থাসমূহ সংস্কাৰ কৰিব বিচাৰিছিল। অৱশ্যে, ১৮৪০ চনৰ অক্টোবৰ মাহৰ ‘লেক্স লচী ৰিপ’ৰ্ট’ (Lex Loci Report) এ এই সংহিতাৱদ্ধকৰণ প্ৰয়াসৰ পৰা ব্যক্তিগত আইন (Personal Law) বাদ দিবলৈ পৰামৰ্শ দিছিল।

ব্ৰিটিছ শাসনকালত সামূহিক বুজাবুজিত উপনীত হৈছিল যে, ব্যক্তিগত আইন (Personal Law) কএকক দেৱানী আইন (Common Civil Law) ৰ পৰা ৰেহাই দিয়া হ'ব আৰু সাধাৰণ আইন (Common Law) ক ব্যক্তিগত আইন (Personal Law) ৰ ওপৰত জাপি দিয়া নহব। সেয়ে হিন্দু আইন, মুছলমান আইন, খ্ৰীষ্টান আইন, পাৰ্চী আইনৰ লগতে অন্যান্য ব্যক্তিগত আইনসমূহক 'সংৰক্ষণ' আৰু 'সংহতিবদ্ধ' (Codify) কৰিছিল। স্বাধীনতাৰ পিছত ব্যক্তিগত আইন (Personal Law) ৰ ভৱিষ্যত ভাৰতৰ সংবিধান সভা (Constituent Assembly of India) ৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল।

ভাৰতীয় মুছলমানৰ ক্ষেত্ৰত শ্বৰিয়ত প্ৰজোয্য হোৱাকৈ ব্ৰিটিছ চৰকাৰে The Muslim Personal Law (Shariat) Application Act, 1937 প্ৰণয়ন কৰিছিল। এই আইন আজিৰ তাৰিখলৈকে প্ৰযোজ্য হৈ আছে।

=> ভাৰতৰ সংবিধান সভা (Constituent Assembly of India):

ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত "উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) কাৰ্যকৰী কৰাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছিল। কিন্তু, সংবিধান সভা (Constituent Assembly) ৰ সদস্যসকল একমতত উপনীত হব পৰা নাছিল। একাংশই ভাৰতৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত সমন্বয় বঢ়াব বুলি দাবী কৰাৰ বিপৰীতে, আন একাংশই বিশাল ধৰ্মীয় আৰু সাংস্কৃতিক পৰিচয়ৰ দেশ এখনত ইয়াৰ কাৰ্যকৰীতাৰ বিৰুধী আছিল।

ভাৰতৰ সংবিধান সভাই খচৰা কমিটি (Drafting Committee) গঠন কৰিছিল। বিভিন্ন বিষয়ৰ ওপৰত গভীৰভাৱে আলোচনা কৰিবলৈ উপ-সমিতি (Sub-Committee) গঠন কৰিছিল। মৌলিক অধিকাৰ (Fundamental Rights) বিষয়ক উপ-সমিতিত ''একক নাগৰিক সংহিতা'' (Common Civil Code) ৰ বিষয়টো উত্থাপন হৈছিল। এই ধাৰণা কানাডাৰ সংবিধানৰ ৯৪ নং অনুচ্ছেদৰ পৰা আহৰণ কৰা হৈছিল, য’ত দেশখনত এক উমৈহতীয়া দেৱানী আইন (Uniform Civil Law) আৰু প্ৰক্ৰিয়াগত আইন প্ৰণয়নৰ ব্যৱস্থা আছে।

পন্ডিত জৱাহৰলাল নেহৰুয়ে ব্যক্তিগতভাৱে ধৰ্মনিৰপেক্ষ আইনক সমৰ্থন কৰিলেও, সম্প্ৰদায়সমূহক নিজাকৈ ভিতৰি পৰিৱৰ্তন হ'বলৈ প্ৰয়োজনীয় স্থান দিয়াৰ ক্ষেত্ৰত ৰাজনৈতিক আৰু সামাজিক প্ৰয়োজনীয়তাক স্বীকাৰ কৰিছিল। ড০ বি আৰ আম্বেদকাৰে সংবিধানত "উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) জাপি দিয়া নাছিল, বৰঞ্চ ইয়াক নিৰ্দেশাত্মক নীতি (Directive Principles) ৰ অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছিল।

কে. এম. মুন্সী, এম. আৰ. মাছানি, হংসা মেহতা আৰু ৰাজকুমাৰী অমৃত কৌৰৰ দৰে কেইজনমান সদস্যই সৰ্বভাৰতীয় নাগৰিক আচৰণ বিধিক মৌলিক অধিকাৰ (Fundamental Rights) ৰ অন্তৰ্ভুক্ত কৰিবলৈ যুক্তি আগবঢ়াইছিল। আনহাতে, মৌলানা আবুল কালাম আজাদ, কে. টি. শ্বাহ, ফ্ৰেংক এন্থনী, বেগম আইজাজ ৰাছুল, মহাবীৰ ত্যাগী, আচাৰ্য জে. বি. কৃপালনী, টি. প্ৰকাশম আৰু কমলাপতি ত্ৰিপাঠীৰ দৰে প্ৰভাৱশালী নেতাসকলে "উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) ৰূপায়ণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁলোকৰ মূল আশংকাসমূহ আছিল যে এনে সংহিতা প্ৰৱৰ্তন কৰিলে ধৰ্মীয় স্বতন্ত্ৰতা খৰ্ব হোৱাৰ লগতে সংখ্যালঘুৰ অধিকাৰ উলংঘা হ’ব আৰু ইয়াৰ দ্বাৰা দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য বিঘ্নিত হ’ব।

"উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) ক ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ (Fundamental Rights) হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱটো উপ-সমিতিয়ে নাকচ কৰিছিল। তাৰ পৰিৱৰ্তে, উপ-সমিতিয়ে ইয়াক ''ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি"(Directive Principles of State Policy) ৰ অন্তৰ্ভুক্ত কৰিবলৈ নীতিগতভাৱে সন্মত হৈছিল। সংবিধান নিৰ্মাতা সকলে আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত বিতৰ্কিত আৰু বাস্তৱত প্ৰয়োগ কৰিব নোৱাৰা বিষয়বোৰ ‘ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি’ৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ এক উপায় উদ্ভাৱন কৰিছিল।

=> ভাৰতীয় সংবিধান (Constitution of India):

ভাৰতীয় সংবিধানৰ ''ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি"(Directive Principles of State Policy) ৰ ৪৪ নং অনুচ্ছেদ অনুসৰি: "ৰাষ্ট্ৰই সমগ্ৰ ভাৰতবৰ্ষৰ নাগৰিকসকলৰ বাবে এক উমৈহতীয়া নাগৰিক সংহিতা (Uniform Civil Code) সুনিশ্চিত কৰিবলৈ প্ৰয়াস কৰিব।" ৩৭ নং অনুচ্ছেদত স্পষ্টভাৱে উল্লেখ আছে: "এই অংশত সন্নিৱিত ব্যৱস্থাসমূহ কোনো ন্যায়ালয়ত বলবৎ কৰিব নোৱাৰিব, কিন্তু ইয়াত উল্লেখ কৰা নীতিসমূহ দেশৰ শাসন ব্যৱস্থাৰ বাবে মৌলিক হ'ব আৰু আইন প্ৰণয়নৰ ক্ষেত্ৰত এই নীতিসমূহ প্ৰয়োগ কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য হ'ব।"

=> ভাৰতীয় আইন আয়োগ (Law Commission of India):

"উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) ৰ বিষয়টো পৰীক্ষণৰ জৰিয়তে পৰামৰ্শ আগবঢ়ালৈ কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ে ১৬.০৭.২০১৬ তাৰিখে ২১ সংখ্যক ভাৰতীয় আইন আয়োগক অনুৰোধ জনায়। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ডঃ বি. এছ. চৌহানৰ অধ্যক্ষতাত গঠিত ২১ সংখ্যক ভাৰতীয় আইন আয়োগে ৩১.০৮.২০১৮ তাৰিখে পৰিয়াল আইন সংষ্কাৰ সম্পৰ্কীয় পৰামৰ্শ পত্ৰ (Consultation Paper on Reform of Family Law) দাখিল কৰি মতামত প্ৰকাশ কৰে যে— ভাৰতত ব্যক্তিগত আইনসমূহ (Personal Law) সংস্কাৰ (Reform) কৰাৰ প্ৰয়োজন আছে আৰু এই পৰ্যায়ত "উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) "প্ৰয়োজনীয়ও নহয় বা বাঞ্ছনীয়ও নহয়"।

কৰ্নাটক উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ শ্ৰী ৰিতু্ৰাজ আৱাস্তীৰ অধ্যক্ষতাত গঠিত ২২ সংখ্যক ভাৰতীয় আইন আয়োগে "উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) সম্পৰ্কে সৰ্বসাধাৰণ ৰাইজ আৰু স্বীকৃতিপ্ৰাপ্ত ধৰ্মীয় সংগঠন সমূহৰ মতামত আৰু পৰামৰ্শ পুনৰ বিচাৰি ১৪.০৬.২০২৩ তাৰিখে ৰাজহুৱা জাননী কৰে। "উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code- UCC) সম্পৰ্কে কোনো ধৰণৰ প্ৰতিবেদন দাখিল নকৰাকৈ ২২ সংখ্যক ভাৰতীয় আইন আয়োগৰ কাৰ্য্যকাল অন্ত পৰে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শ্ৰী দ্বীনেশ্ব মহেশ্বৰীৰ অধ্যক্ষতাত ২৩ সংখ্যক ভাৰতীয় আইন আয়োগ (২০২৪-২০২৭) গঠিত হয়।

=> গোৱা নাগৰিক সংহিতা (The Goa Civil Code):

গোৱাত উমৈহতীয়া নাগৰিক সংহিতা (Uniform Civil Code) অৰ্থাৎ The Goa Civil Code of 1867 প্ৰযোজ্য হৈ আছে। গোৱাত হিন্দু, মুছলমান আৰু খ্ৰীষ্টান সকলোৱে বিবাহ, বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰ সম্পৰ্কীয় একেটা আইনৰ দ্বাৰাই পৰিচালিত হয়। এইটো ব্যতিক্ৰমী আইনী ব্যৱস্থা, কাৰণ গোৱাৰ এই নাগৰিক সংহিতা হৈছে পৰ্তুগীজ শাসনকালৰে অৱশিষ্ট অংশ। ১৯৬১ চনত গোৱা ভাৰতবৰ্ষত অন্তৰ্ভুক্ত হোৱা সময়ৰ পৰাই এই আইন বিদ্যমান।

১৯৬২ চনত কেন্দ্ৰীয় চৰকাৰে The Goa, Daman and Diu (Administration) Act, 1962 ৰ জৰিয়তে গোৱাত পৰ্তুগীজ শাসনকালৰ পৰা চলি থকা আইনসমূহ বাহাল ৰাখিবলৈ কৰ্তৃপক্ষক অধিকাৰ প্ৰদান কৰে আৰু যেতিয়ালৈকে কোনো উপযুক্ত বিধায়িনী দলে ইয়াক সংশোধন বা বাতিল নকৰে তেতিয়ালৈকে সেই আইনসমূহ বাহাল থাকিব। ফলস্বৰূপে, গোৱাত পৰিয়াল আইনৰ ক্ষেত্ৰত এই সংহিতা আজিও প্ৰযোজ্য হৈ আছে।

=> উত্তৰাখণ্ড উমৈহতীয়া নাগৰিক সংহিতা (Uttarakhand Uniform Civil Code):

২৭.০১.২০২৫ তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ উত্তৰাখণ্ড চৰকাৰে The Uniform Civil Code, Uttarakhand, 2024 আৰু The Uniform Civil Rules, Uttarakhand, 2025 প্ৰনয়ন কৰে। এই নাগৰিক সংহিতা সমগ্ৰ উত্তৰাখণ্ড আৰু বাহিৰত থকা উত্তৰাখণ্ডৰ বাসিন্দাৰ ওপৰত প্ৰযোজ্য। এই সংহিতা জনজাতীয় লোকৰ ওপৰত প্ৰযোজ্য নহয়।

=> গুজৰাট উমৈহতীয়া নাগৰিক সংহিতা (Gujrat Uniform Civil Code):

২৪.০৩.২০২৬ তাৰিখে গুজৰাট বিধানসভাই The Gujrat Uniform Civil Code, 2026 গৃহিত কৰে যদিও এতিয়ালৈকে প্ৰযোজ্য হোৱা নাই। এই নাগৰিক সংহিতা সমগ্ৰ গুজৰাট আৰু বাহিৰত থকা গুজৰাটৰ বাসিন্দাৰ ওপৰত প্ৰযোজ্য হব। এই সংহিতা জনজাতীয় লোকৰ ওপৰত প্ৰযোজ্য নহব।

=> অসম উমৈহতীয়া নাগৰিক সংহিতা (Assam Uniform Civil Code):

১৩.০৫.২০২৬ তাৰিখে অসম কেবিনেটে The Assam Uniform Civil Code Bill, 2026 ৰ খচৰাক অনুমোদন জনায় আৰু ৰাজ্য চৰকাৰে ২৬.০৫.২০২৬ তাৰিখে অসম বিধানসভাত উত্থাপন কৰিব।

সংকলন:
মোস্তাফা খাদ্দাম হুছেইন
তাং-১৮.০৫.২০২৬

বি:দ্ৰ: অনুগ্ৰহ কৰি কপি নকৰিব। শ্বেয়াৰ কৰিব পাৰিব।

ইন্নালিল্লাহী ওৱাইন্না ইলাইহী ৰাজিঊন১৯৮০ চনৰ ৩০ আৰু ৩১ মাৰ্চ তাৰিখে গোৱালপাৰা জিলাৰ জলেশ্বৰত অনুষ্ঠিত হোৱা সদৌ অসম সংখ্য...
10/05/2026

ইন্নালিল্লাহী ওৱাইন্না ইলাইহী ৰাজিঊন

১৯৮০ চনৰ ৩০ আৰু ৩১ মাৰ্চ তাৰিখে গোৱালপাৰা জিলাৰ জলেশ্বৰত অনুষ্ঠিত হোৱা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰথম অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক তথা আমছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক উপ-সভাপতি হুৰমুজ আলী ডাঙৰীয়াৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাইছোঁ ৷

তেখেত এজন বিশিষ্ট সমাজকৰ্মী ও শিক্ষাবিদ আছিল। তেখেত সংখ্যালঘুৰ অধিকাৰ, মৰ্যাদা আৰু ন্যায়ৰ সংগ্ৰামৰ এক অদম্য সৈনিক আছিল। নিজৰ সমগ্ৰ জীৱন তেখেতে নিপীড়িত, বঞ্চিত আৰু পিছপৰা মানুহৰ কণ্ঠস্বৰ হিচাপে উৎসৰ্গা কৰিছিল। তেখেতৰ মৃত্যুত সমাজৰ এক অপূৰণীয় ক্ষতি হল।

মহান আল্লাহে তেখেতক জান্নাতুল ফেৰদাউচ নচিব কৰক।

AAMSU Official

০৯.০৫.২০২৬ (শনিবাৰ):মানৱেন্দ্ৰ কমপ্লেক্স, দিছপুৰত প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় অসম । প্ৰদেশ ...
10/05/2026

০৯.০৫.২০২৬ (শনিবাৰ):

মানৱেন্দ্ৰ কমপ্লেক্স, দিছপুৰত প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় অসম ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰাক্তন সভাপতি ৰিপুন বৰা ডাঙৰীয়া, বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীসকল, প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সদস্যসকল, উপ-সভাপতি সকল, সাধাৰণ সম্পাদক সকল, সম্পাদক সকল, যুটীয়া সম্পাদক সকল আৰু জিলা সভাপতি সকল এই বৈঠকত উপস্থিত থাকে।

এই পৰ্যালোচনা বৈঠকত নিৰ্বাচনী ফলাফল আৰু কংগ্ৰেছ দলৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়।

Indian National Congress - Assam

বিধানসভা নির্বাচনৰ ফলাফলৰ লিংক
04/05/2026

বিধানসভা নির্বাচনৰ ফলাফলৰ লিংক

ECI is displaying the information as being filled in the system by the Returning Officers from their respective Counting Centres.The final data for each AC/PC will be shared in Form-20.

24/04/2026
20/04/2026

#প্ৰসংগ: মহিলা সংৰক্ষণ আইন, লোকসভা ও বিধানসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ আৰু এক দেশ-এক নিৰ্বাচন:

মহিলা সংৰক্ষণ আইন:

লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষিত কৰিবলৈ লোকসভাত ১৯৯৬, ১৯৯৮ আৰু ১৯৯৯ চনত বিল উত্থাপন হৈছিল যদিও সংশ্লিষ্ট লোকসভাৰ ম্যাদ শেষ হোৱাত বিল সমূহ পতন হয়। কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণৰ বাবে ৰাজ্যসভাত The Constitution (108th Amendment) Bill, 2010 উত্থাপন কৰে আৰু ৰাজ্য সভাই ১০.০৩.২০১০ তাৰিখে গৃহীত কৰে। কিন্তু, ৰাজনৈতিক দল সমূহে ঐক্যমতত পোষণ নকৰাৰ ফলত তথা লোকসভাত গৃহীত নোহোৱাত ২০১৪ আৰু ২০১৯ চনত সংশ্লিষ্ট লোকসভাৰ ম্যাদ শেষ হোৱাত বিল পতন হয়।

লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণৰ বাবে বি.জে.পি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে লোকসভা আৰু ৰাজ্যসভাত The Constitution (128th Amendment) Bill, 2023 উত্থাপন কৰে। কংগ্ৰেছ আৰু প্ৰধান বিৰুধী দল সমূহে সমৰ্থন আগবঢ়ায়। ২০.০৯.২০২৩ তাৰিখে লোকসভাত আৰু ২১.০৯.২০২৩ তাৰিখে ৰাজ্যসভাত গৃহীত হয়। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২৮.০৯.২০২৩ তাৰিখে স্বাক্ষৰ কৰে আৰু ২৮.০৯.২০২৩ তাৰিখেই গেজেট নটিফিকেচন জাৰি হোৱাৰ লগে লগেই আইনত পৰিণত হয়। এই আইনত স্পষ্টকৈ উল্লেখ আছে যে, ৩৩% আসন সংৰক্ষণ পৰৱৰ্তী লোকপিয়লৰ ওপৰত ভিত্তি কৰি হব লগা লোকসভা ও বিধানসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সম্পূর্ণ হোৱাৰ লগে লগে কাৰ্যকৰী হব আৰু কাৰ্য্যকৰী হোৱা তাৰিখৰ পৰা ১৫ বছৰলৈকে বলৱৎ থাকিব।

লোকসভা ও বিধানসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ:

ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৮২ অনুসৰি কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়ন কৰি লোকসভা ও বিধানসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰিব পাৰে। অনুচ্ছেদ ৮২ ৰ অনুবিধি অনুসৰি, ২০২৬ চনৰ পিছত হোৱা প্ৰথম লোকপিয়লৰ পিছত লোকসভা আৰু বিধানসভাৰ আসন সংখ্যা বৃদ্ধি কৰিব পাৰিব।

ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৮২ অনুসৰি কেন্দ্ৰীয় চৰকাৰে The Delimitation Act, 2002 প্ৰনয়ন কৰে। এই আইন অনুসৰি, ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মনিপুৰ, জন্মু ও কাশ্মীৰ আৰু ঝাৰখণ্ড বাদে সমগ্ৰ ভাৰতবৰ্ষতে লোকসভা আৰু বিধানসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হয়। সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ প্ৰতিবেদন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ১৯.০৮.২০০৮ তাৰিখে কাৰ্যকৰী কৰে।

ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৮১ আৰু ৮২ সংশোধনৰ জৰিয়তে লোকসভা আৰু বিধানসভা সমষ্টিৰ আসন বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে লোকসভাত The Constitution (131st Amendment) Bill, 2026 উত্থাপন কৰে। লোকসভা আৰু বিধানসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোকসভাত The Delimitation Bill, 2026 উত্থাপন কৰে। ১৭.০৪.২০২৬ তাৰিখে লোকসভাত The Constitution (131st Amendment) Bill, 2026 অগ্ৰাহ্য হয় আৰু কেন্দ্ৰীয় চৰকাৰে The Delimitation Bill, 2026 উঠাই লয়।

অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ:

অসমত ৰাষ্টীয় নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে The Delimitation Act, 2002 ৰ Section 10A অনুসৰি ০৮.০২.২০০৮ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত কৰিছিল। কেন্দ্ৰীয় চৰকাৰে The Representation of People Act, 1950 ৰ সংশোধনীৰ জৰিয়তে Section 8A সংযোগ কৰি অসমত স্থগিত ৰখা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সমষ্টি পুনৰ নিৰ্ধাৰণ আয়গৰ পৰিৱৰ্তে ভাৰতীয় নিৰ্বাচন আয়োগক ক্ষমতা প্ৰদান কৰে।

০৮.০২.২০০৮ তাৰিখে অসমত স্থগিত কৰা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া The Representation of People Act, 1950 ৰ Section 8A অনুসৰি ভাৰতীয় নিৰ্বাচন আয়োগে সম্পূৰ্ণ কৰি ১১.০৮.২০২৩ তাৰিখে লোকসভা আৰু বিধানসভা সমষ্টিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰে।

এক দেশ-এক নিৰ্বাচন:

এক দেশ-এক নিৰ্বাচন অৰ্থাৎ ভাৰতবৰ্ষৰ লোকসভা আৰু বিধানসভা সমূহৰ নিৰ্বাচন একে দিনত অথবা নিৰ্দিষ্ট সময়ৰ ভিতৰত অনুষ্ঠিত কৰাৰ বিষয়টো বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে। এক দেশ-এক নিৰ্বাচন সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দৰ নেতৃত্বত উচ্চ ক্ষমতা সম্পন্ন কমিটি গঠন কৰি দিয়ে। উচ্চ ক্ষমতা সম্পন্ন কমিটিয়ে ১৪.০৩.২০২৪ তাৰিখে ১৮,০০০ পৃষ্ঠাৰ চূড়ান্ত প্ৰতিবেদন ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰে।

এক দেশ-এক নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় সংবিধান সংশোধন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ আইন মন্ত্ৰীয়ে ১৭.১২.২০২৪ তাৰিখে লোকসভাত The Constitution (129th Amendment) Bill, 2024 উত্থাপন কৰে আৰু লোকসভাই পৰীক্ষনৰ বাবে ১৯.১২.২০২৪ তাৰিখে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰে। যুটীয়া সংসদীয় সমিতিয়ে পৰীক্ষনৰ শেষত লোকসভালৈ প্ৰেৰণ কৰিব। লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱাৰ পিছত, ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিব আৰু তাৰ পিছত গেজেট নটিফিকেচন হব। তেতিয়াহে, এক দেশ-এক নিৰ্বাচন কাৰ্যকৰী হব।

মোস্তাফা খাদ্দাম হুছেইন
তাং-২০.০৪.২০২৬

(বি:দ্ৰ: অনুগ্ৰহ কৰি কপি নকৰিব। শ্বেয়াৰ কৰিব পাৰিব)

Address

Morigaon

Telephone

+919101198505

Website

Alerts

Be the first to know and let us send you an email when Mustafa Khaddam Hussain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mustafa Khaddam Hussain:

Share