10/08/2026
#প্ৰসংগ: এন.আৰ.চি সম্পৰ্কীয় গোচৰৰ ১০.০৮.২০২৬ তাৰিখ (সোমবাৰ) ৰ শুনানি। পৰৱৰ্ত্তী শুনানিৰ তাৰিখ ২৮.০৯.২০২৬-
অসমত প্ৰকাশিত এন.আৰ.চি ত নাম অন্তৰ্ভুক্ত হোৱা সকলৰ বাবে ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান আৰু বাদ পৰা সকলৰ আপিল প্ৰক্ৰিয়াৰ বাবে উচ্চতম ন্যায়ালয়ত তিনিটা গোচৰ অৰ্থাৎ WP (C) No.1030/2025 [আমছু], WP (C) No.1026/2025 [সৰ্ব ভাৰতীয় জমিয়ত] আৰু WP (C) No.839/2026 [অসম ৰাজ্যিক জমিয়ত] ৰ শুনানি ১০.০৮.২০২৬ তাৰিখে গ্ৰহণ কৰে;
উচ্চতম ন্যায়ালয়ে দুটা গোচৰ অৰ্থাৎ WP (C) No.1030/2025 [আমছু] আৰু WP (C) No.1026/2025 [সৰ্ব ভাৰতীয় জমিয়ত] ত ১০.১১.২০২৫ তাৰিখে আৰু এটা গোচৰ অৰ্থাৎ WP (C) No.839/2026 [অসম ৰাজ্যিক জমিয়ত] ত ২১.০৭.২০২৬ তাৰিখে কতৃপক্ষলৈ জাননী জাৰি কৰিছিল;
ভাৰতৰ মহাপঞ্চীয়কে WP (C) No.1026/2025 [সৰ্ব ভাৰতীয় জমিয়ত] গোচৰত ০৭.০৫.২০২৬ তাৰিখে শপতনামা দাখিল কৰে। WP (C) No.839/2026 [অসম ৰাজ্যিক জমিয়ত] গোচৰত প্ৰতিপক্ষ হিচাপে অন্তৰ্ভুক্ত হবলৈ হিতেশ দেৱ শৰ্মাই ০৫.০৮.২০২৬ তাৰিখে IA No.228941/2026 দাখিল কৰে;
অসমত প্ৰকাশিত এন.আৰ.চি ৰ পুনৰীক্ষণৰ বাবে দাখিল হোৱা গোচৰ অৰ্থাৎ WP (C) No.740/2025 [হিতেশ দেৱ শৰ্মা] ত উচ্চতম ন্যায়ালয়ে ২২.০৮.২০২৫ তাৰিখে কতৃপক্ষলৈ জাননী জাৰি কৰিছিল;
WP (C) No.740/2025 [হিতেশ দেৱ শৰ্মা] গোচৰত প্ৰয়োজনীয় প্ৰতিপক্ষ হিচাপে অন্তৰ্ভুক্ত হবলৈ আমছুৱে ০৯.০৯.২০২৫ তাৰিখে IA No.225655/2025, সৰ্ব ভাৰতীয় জমিয়তে ০৯.০৯.২০২৫ তাৰিখে IA No.226223/2025 আৰু অসম ৰাজ্যিক জমিয়ত উলামাই ১১.০৯.২০২৫ তাৰিখে IA No.228766/2025 দাখিল কৰে;
১০.০৮.২০২৬ তাৰিখ (সোমবাৰ) ৰ শুনানি:
উচ্চতম ন্যায়ালয়ে ১০.০৮.২০২৬ তাৰিখে তিনিটা গোচৰ অৰ্থাৎ WP (C) No.1030/2025 [আমছু], WP (C) No.1026/2025 [সৰ্ব ভাৰতীয় জমিয়ত] আৰু WP (C) No.839/2026 [অসম ৰাজ্যিক জমিয়ত] ৰ শুনানি গ্ৰহণ কৰি, কেন্দ্ৰীয় চৰকাৰ ও ৰাজ্য চৰকাৰক চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে, ভাৰতৰ মহাপঞ্চীয়কে ০৭.০৫.২০২৬ তাৰিখে দাখিল কৰা শপতনামাৰ প্ৰত্যুত্তৰ শপতনামা দাখিল কৰাৰ বাবে গোচৰীয়া পক্ষক অনুমতি প্ৰদান কৰাৰ লগতে WP (C) No.740/2025 [হিতেশ দেৱ শৰ্মা] গোচৰ তিনিটা গোচৰৰ লগত টেগ কৰি দিয়ে;
উচ্চতম ন্যায়ালয়ে চাৰিওটা গোচৰৰ পৰৱৰ্ত্তী শুনানি ২৮.০৯.২০২৬ তাৰিখ সোমবাৰে গ্ৰহণ কৰিব।
বি:দ্ৰ: অনুগ্ৰহ কৰি কপি নকৰিব। শ্বেয়াৰ কৰিব পাৰিব।