Lex-Vidhi

Lex-Vidhi Explanation on laws and legal remedies.

প্ৰতিযোগিতা আইন ( ):****************************************প্ৰথম খণ্ড:----------------প্ৰতিযোগিতা আইননো কি, বা ই কিয় প...
15/07/2026

প্ৰতিযোগিতা আইন ( ):
****************************************

প্ৰথম খণ্ড:
----------------

প্ৰতিযোগিতা আইননো কি, বা ই কিয় প্ৰাসংগিক হৈ পৰিছে, সেই বিষয়ে জানিবলৈ নিশ্চয় আমি এই সন্দৰ্ভত হোৱা এটা গোচৰৰ বিষয়ে জানি ল'লে সুবিধাজনক হ'ব নহয় জানো?

হাৰিয়ানা নামৰ ৰাজ্যখনৰ গুৰগাঁৱ (বৰ্তমান গুৰু-গ্ৰাম) চহৰৰ গ'ল্ফ-কোৰ্চ নামৰ ৰাস্তাৰ কাষত অৱস্থিত পাঁচটা ২৯ মহলীয়া এপাৰ্টমেণ্টৰ নাম "ডিএলএফ্-ডা বিলেয়াৰ" (DLF-The Belaire).

এই পাঁচটা এপাৰ্টমেণ্ট নিৰ্মাণ কৰিছিল, বা গঢ়ি তুলিছিল "ডিএলএফ লিমিটেড" (DLF Ltd.) নামৰ প্ৰতিষ্ঠানটোৱে।

যিসকলে এই এপাৰ্টমেণ্টকেইটাত ফ্লেট কিনিছিল বা কিনিছে, তেওঁলোকৰ এটা সংস্থা আছে, যাৰ নাম "বিলেয়াৰ ঔনাৰ্ছ এচোছিয়েশ্যন" (Belaire Owners' Association).

যোৱা ইং ০৫/০৫/২০১০ তাৰিখে এই এচোছিয়েশ্যনে ভাৰত চৰকাৰৰ এটা ন্যায়িক প্ৰতিষ্ঠান -"কম্পিটিছন কমিছন অৱ ইণ্ডিয়া" (Competition Commission of India) চমুকৈ, CCI ত এখন দৰ্খাস্ত, অভিযোগ-পত্ৰ বা অৱগত-পত্ৰ দাখিল কৰে।

উক্ত অৱগত-পত্ৰখনত অভিযোগ আছিল উক্ত DLF Ltd. ৰ বিৰুদ্ধে।

যি সময়ত উক্ত এপাৰ্টমেণ্টসমূহৰ ফ্লেটসমূহ বিভিন্নজনে ক্ৰয় কৰিছিল, সেই সময়ত উক্ত DLF নামৰ নিৰ্মাতা-প্ৰতিষ্ঠানটোৱে প্ৰতিজন ক্ৰেতাৰে সৈতে একোখনকৈ চুক্তি (হস্তান্তৰ দলিল) কৰিছিল।

ফ্লেটৰ ক্ৰেতাসকলে উক্ত দলিলৰ বিভিন্ন চৰ্তসমূহ পঢ়ি দেখিছিল যে বেছিভাগ চৰ্তই ক্ৰেতসকলৰ বাবে সুবিধাজনক নাছিল অৰ্থাৎ ক্ৰেতাসকলক বিপদত পেলোৱাৰ অৱকাশ আছিল। আনহাতে, সেইসমূহ চৰ্ত উক্ত নিৰ্মাতা-প্ৰতিষ্ঠানটোৰ সহায়ক হোৱাকৈ দলিলখনত সন্নিৱিষ্ট হৈ আছিল।

উক্ত এচোছিয়েশ্যনৰ অভিযোগটো আছিল যে উক্ত নিৰ্মাতা-প্ৰতিষ্ঠানটোৱে নিজৰ প্ৰতিপত্তিৰ অসৎ-ব্যৱহাৰ (abuse of dominance/dominant position) কৰিছে, য'ত তেওঁলোকে অৰ্থাৎ নিৰ্মাতা-প্ৰতিষ্ঠানটোৱে ক্ৰেতাক ফ্লেট বিক্ৰীৰ ক্ষেত্ৰত একপক্ষীয়ভাৱে আৰু অন্যায়েৰে বিক্ৰী-দলিলসমূহত চৰ্ত আৰোপ কৰিছে, আৰু যাৰ বাবে ক্ৰেতাসকল ভুক্তভোগী হৈছে।

(পৰৱৰ্তী খণ্ড অহা বৃহস্পতিবাৰে)
.......✍️ শশাঙ্কজ্যোতি শৰ্ম্মা
১৪/০৭/২০২৬





Address

Hojai

Opening Hours

9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Lex-Vidhi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share