Gohpur Lawyer's Association

Gohpur Lawyer's Association Welcome to Gohpur Lawyers’ Association (GLA), Gohpur, Sonitpur, Assam, India.... Make Legal Servic

বিশ্বনাথ চাৰিআলি উকীল সন্থাৰ জ্যেষ্ঠ অধিবক্তা গোলাপ হাজৰীকা দেৱৰ আকস্মিক বিয়োগ গহপুৰ উকীল সন্থাৰ বাবে এক গভীৰ দুখজনক খবৰ...
28/02/2022

বিশ্বনাথ চাৰিআলি উকীল সন্থাৰ জ্যেষ্ঠ অধিবক্তা গোলাপ হাজৰীকা দেৱৰ আকস্মিক বিয়োগ গহপুৰ উকীল সন্থাৰ বাবে এক গভীৰ দুখজনক খবৰ। আজি ২৮/০২/২০২২ তাৰিখে দিনৰ ১১ বজাত গহপুৰ উকীল সন্থাৰ উদ্যোগত মাননীয় মহকুমা ন্যায়িক দন্ডাধীশ মহোদয় আৰু প্ৰথম শ্ৰেণী ন্যায়িক দন্ডাধীশ মহোদয়ৰ লগতে উকীল সন্থাৰ সমূহ সদস্য আৰু ন্যায়িক কৰ্মচাৰী সকলৰ উপস্হিতিত এখন শোক সভা আয়োজন কৰি মৃতকৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়। আজিৰ সভাই মৃতকৰ পৰিয়াললৈ এক শোক প্ৰস্তাৱ প্ৰেৰণ কৰাৰ লগতে আজি দিনটোৰ বাবে আদালতৰ কামকাজ স্থগিত ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰে।

🙏ঔ শান্তিঃ🙏

গহপুৰ মহকুমা ন্যায়িক দন্ডাধীশ শ্ৰীযুত বিদ্যাব্ৰত ‍আচাৰ্য্য দেৱক গহপুৰ উকীল সন্থাৰ পৰা আজি বিদায় সম্বৰ্ধনা জনোৱা হয়।
06/04/2021

গহপুৰ মহকুমা ন্যায়িক দন্ডাধীশ শ্ৰীযুত বিদ্যাব্ৰত ‍আচাৰ্য্য দেৱক গহপুৰ উকীল সন্থাৰ পৰা আজি বিদায় সম্বৰ্ধনা জনোৱা হয়।

গহপুৰ উকীল সন্থাৰ সৰস্বতী পূজা বিশেষ...                         🙏🙏🙏 "ঔঁ সৰস্বতী মহাভাগে বিদ্যে কমললোচনে।বিশ্বৰূপে বিশালা...
16/02/2021

গহপুৰ উকীল সন্থাৰ সৰস্বতী পূজা বিশেষ...

🙏🙏🙏

"ঔঁ সৰস্বতী মহাভাগে বিদ্যে কমললোচনে।
বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমোহস্তুতে॥"

👏জয় মা সৰস্বতী👏
🙏🙏জয় মা বীণাপানি🙏🙏

এবাৰ পঢ়ি চাবচোন🙏🙏🙏....    ক'ৰোনা (COVID19) প্ৰতিৰোধ ব্যৱস্থাপনা আৰু প্ৰতিবন্ধকতাৰ আওতাত ভাৰতীয় দণ্ড বিধি (Indian Penal ...
23/03/2020

এবাৰ পঢ়ি চাবচোন🙏🙏🙏....

ক'ৰোনা (COVID19) প্ৰতিৰোধ ব্যৱস্থাপনা আৰু প্ৰতিবন্ধকতাৰ আওতাত ভাৰতীয় দণ্ড বিধি (Indian Penal Code)ৰ তলত উল্লেখ কৰা ধাৰাৰ অধীনত আৰক্ষীয়ে আপোনাক আটক অথবা গ্ৰেপ্তাৰ কৰিব পাৰে…

১. ধাৰা ১৮৮ :- চৰকাৰে জাৰি কৰা নিৰ্দেশ অৱজ্ঞা কৰাৰ বাবে, এমাহৰ কাৰাবাসবা জৰিমনা বা দুয়োটাৰে দন্ডিত হ'ব পাৰে।
(এই ধাৰা বিচাৰ্য্য জামিন যুক্ত।)

২. ধাৰা ২৬৯:- আপুনি যদি নিজৰ গাফিলতিৰে আনৰ জীৱনত অপকাৰ হোৱাকৈ সংক্ৰমন যুক্ত বেমাৰ বিয়পায় তেনেহলে আপোনাৰ ৬ মাহ পৰ্যন্ত কাৰাবাস হব পাৰে নাইবা জৰিমনা হব পাৰে।
(এই ধাৰা বিচাৰ্য্য জামিন যুক্ত।)

৩. ধাৰা২৭০:- মৰাত্মক সংক্ৰমন হব পৰা বিজানু বা বেমাৰ বিয়পিব পৰা কাম কৰিলে এই ধাৰাৰ অধীনত আপোনাৰ ২ বছৰ পৰ্যন্ত কাৰাবাস অথবা জৰিমনা হব পাৰে।
(এইধাৰা বিচাৰ্য্য জামিন যুক্ত।)

৪. ধাৰা ২৭১:- জানি বুজি সংগ ৰোধ কৰিবলৈ জাৰি কৰা নিৰ্দেশনা অমান্য কৰিলে এই ধাৰাৰ অধীনত আপোনাৰ ৬ মাহ কাৰাবাস অথবা জৰিমনা হব পাৰে।
(এই ধাৰা বিচাৰ্য্য জামিন যুক্ত।)

৫) ধাৰা ৩৫৩:- যি সকল লোক সেৱকে তেওঁৰ এই নিজ কৰ্তব্য সম্পাদন কৰি থকা অৱস্থাত তেওঁক ভয়-ভীত দেখুৱাই বা কৰ্তব্য কৰাত বাধা দিয়ে , এনে কৰিবলৈ বল প্ৰয়োগ বা আক্ৰমণ কৰে। তেনে আইন ভংগকাৰীক দুবছৰ কাৰাবাস বা জৰিমনা বা দুয়োটাৰে দন্ডিত কৰা হ'ব পাৰে।
(এই ধাৰা জামিন অযোগ্য।)

Unite Against CORONA, Fight Against CORONA.

Copy নহয় Share কৰক🙏🙏🙏।

✍🏼📚দিপক শৰ্মা, বৰঙাবাৰী।
তাং:-২৩/০৩/২০২০।

23/03/2020
গহপুৰ উকীল সন্থাৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনাইছো। সকলোৰে সুখ, শান্তি আৰু সাফল্য প্ৰাপ্তি হওক। ঐক্য আৰু ...
01/01/2020

গহপুৰ উকীল সন্থাৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনাইছো। সকলোৰে সুখ, শান্তি আৰু সাফল্য প্ৰাপ্তি হওক। ঐক্য আৰু সম্প্ৰীতিৰ কামনা কৰিলো।

গহপুৰ উকীল সন্থাই নাগৰিকত্ব সংশোধনী আইন,২০১৯ ৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰো। এই আইনে মূলত: ভাৰতীয়  সংবিধানৰ ধৰ্ম...
20/12/2019

গহপুৰ উকীল সন্থাই নাগৰিকত্ব সংশোধনী আইন,২০১৯ ৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰো। এই আইনে মূলত: ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ ব্যাঘাত কৰাৰ লগতে অনুচ্ছেদ ১৪ আৰু ২১ এ নাগৰিকক প্ৰদাণ কৰা অধিকাৰ বিঘ্নিত কৰিছে।ইয়াৰ ওপৰিও ঐতিহাসিক অসম চুক্তিক অৱমাননা কৰিছে। লগতে চৰকাৰ তথা প্ৰশাসনে গনতান্ত্ৰিক ভাৱে প্ৰতিবাদ কৰা প্ৰতিবাদ কাৰীক নানা শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ লগতে ৫ জনকৈ প্ৰতিবাদ কাৰীক গুলিয়াই হত্যা কৰা বিষয়টোক চৰকাৰ আৰু প্ৰশাসনক দোষাৰোপ কৰি ধিক্কাৰ দিছো ।উল্লেখ্য যে "কা" ৰ শান্তিপূৰ্ণ গনতান্ত্ৰিক প্ৰতিবাদত প্ৰশাসনে যি সকল নিৰ্দোষী লোকক আটক কৰিছে তেওঁলোকৰ প্ৰয়োজনীয় আইনৰ সহায় বিছাৰিলে গহপুৰ উকীল সন্থাই বিনামূলীয়াকৈ সেই আইনী সাহাৰ্য্য আগবঢ়াম।উল্লেখ্য যে এই আইনৰ বিৰোধিতাৰে আজি গহপুৰ উকীল সন্থাই গহপুৰ মহকুমাধিপতিৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰো। লগতে এই আইন বাতিল নহ'লে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ কথাও স্পষ্টকৈ উল্লেখ কৰিম।

সকলোলৈকে শুভেচ্ছা জনালো।
03/12/2019

সকলোলৈকে শুভেচ্ছা জনালো।

জ্যেষ্ঠ অধিবক্তা ৰাম জেঠমালানিৰ মৃত্যুত গহপুৰ উকীল সন্থাই প্ৰেৰণ কৰা শোক-প্ৰস্তাব গ্ৰহণ কৰি তেওঁৰ পুত্ৰ জ্যেষ্ঠ অধিবক্তা...
25/11/2019

জ্যেষ্ঠ অধিবক্তা ৰাম জেঠমালানিৰ মৃত্যুত গহপুৰ উকীল সন্থাই প্ৰেৰণ কৰা শোক-প্ৰস্তাব গ্ৰহণ কৰি তেওঁৰ পুত্ৰ জ্যেষ্ঠ অধিবক্তা শ্ৰী যুত মহেশ জেঠমালানিয়ে প্ৰাপ্তি স্বীকাৰ কৰি প্ৰেৰণ কৰা প্ৰত্যোত্তৰ পত্ৰ খন...।

25/11/2019

BCI Proposes Mandatory Trial Court Experience For HC Practice; 2 Year HC Experience For SC Practice

Address

SDJM(M) Compound
Gohpur
PIN-784168

Telephone

9954572463

Alerts

Be the first to know and let us send you an email when Gohpur Lawyer's Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Gohpur Lawyer's Association:

Share